খিচিৰি
আচাৰৰ সৈতে পৰিবেশন কৰা এবাটি খিচিৰি | |
প্ৰকাৰ | ভাত |
---|---|
অঞ্চল | ভাৰতীয় উপমহাদেশ |
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | Iভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ট্ৰিনিদাদ এণ্ড টবেগো, গুয়ানা, ছুৰিনাম, ফিজি, মৰিচাছ |
মুখ্য উপাদান | চাউল, মচুৰ দাইল, মছলা |
আন উপাদান | ফুলকবি, আলু, মটৰ আৰু অন্য পাচলি |
ভিন্ন প্ৰকাৰ | মগু দাইলৰ খিচিৰি, পাৰ্ল বাজৰাৰ খিচিৰি |
খিচিড়ি বা খিচিৰি হৈছে দক্ষিণ এছিয়াৰ খাদ্যত চাউল আৰু মচুৰ দাইলৰ দ্বাৰা তৈয়াৰী এবিধ খাদ্য আৰু ইয়াৰ অসংখ্য সংস্কৰণ আছে। এই সংস্কৰণসমূহৰ ভিতৰত বাজৰা আৰু মগু দাইলৰ খিচিৰি অন্তৰ্ভুক্ত। ভাৰতীয় সংস্কৃতিত, কেইবাটাও অঞ্চলত বিশেষকৈ উত্তৰ অঞ্চলত ইয়াক কেঁচুৱাই খোৱা প্ৰথম কঠিন খাদ্যৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।[1][2][3]
ব্যুৎপত্তি আৰু বানান
[সম্পাদনা কৰক]খিচিড়ি শব্দটো[4][5] সংস্কৃত खिच्चा-ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হ'ল এব্বিধ চাউল আৰু মাহজাতীয় শস্যৰ খাদ্য।[6]
ইতিহাস
[সম্পাদনা কৰক]গ্ৰীক ৰজা চেলিউকাছে ভাৰত (খ্ৰীষ্টপূৰ্ব ৩০৫-৩০৩) অভিযানৰ সময়ত, দাইলযুক্ত চাউল ভাৰতীয় উপমহাদেশৰ মানুহৰ মাজত অতি জনপ্ৰিয় বুলি উল্লেখ কৰিছিল।[3] গ্ৰীক দাৰ্শনিক, ভূগোলবিদ আৰু ইতিহাসবিদ ষ্ট্ৰেবোৱে এইটোও লক্ষ্য কৰিছে যে ভাৰ[7] তীয় খাদ্য মূলতঃ চাউলৰ মণ্ড আৰু চাউলৰ পৰা তৈয়াৰী পানীয়ৰে গঠিত আছিল, যাক বৰ্তমান আৰাক বুলি কোৱা হয়। মৰক্কোৰ ভ্ৰমণকাৰী ইবন বাট্টুতাই ১৩৫০ চনৰ আশে-পাশে তেওঁ ভাৰতত থকাৰ সময়ছোৱাত খিচিৰিক চাউল আৰু মগু দাইলেৰে তৈয়াৰী খাদ্য হিচাপে উল্লেখ কৰিছে।[8] খিচিৰিৰ বৰ্ণনা পঞ্চদশ শতিকাত ভাৰত উপমহাদেশলৈ অহা ৰাছিয়ান অভিযাত্ৰী আফনাছি নিকিটিনৰ লেখাত পোৱা যায়। ই মোগলসকলৰ মাজত বিশেষকৈ জাহাংগীৰৰ অতি প্ৰিয় আছিল। মোগল সম্ৰাট আকবৰৰ ৱজিয়াৰ আবু'ল ফজলে লিখা ১৬ শতিকাৰ আইন-ই-আকবাৰী নামৰ নথিখনত খিচিৰিৰ ৰেচিপিৰ কথা উল্লেখ কৰা হৈছে, য'ত সাতটা সংস্কৰণ দিয়া হৈছে।[9] আকবৰ আৰু তেওঁৰ দৰবাৰৰ উপদেষ্টা বীৰবলক লৈ খিচিড়িৰ এক আখ্যানমূলক কাহিনী আছে।[10]
ইংৰাজ-ভাৰতীয় খাদ্য কেডগেৰী খিচিৰিৰ পৰা উৎপন্ন বুলি ভবা হয়।[11][12]
আঞ্চলিক ভিন্নতা
[সম্পাদনা কৰক]খিচিৰি সমগ্ৰ ভাৰতীয় উপমহাদেশ অৰ্থাৎ বাংলাদেশ, পাকিস্তান, নেপাল আৰু শ্ৰীলংকাৰ অতি জনপ্ৰিয় খাদ্য। পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, কৰ্ণাটক, তেলেংগানা, মধ্যপ্ৰদেশ, গুজৰাট, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, পশ্চিম বংগ, অসম, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ আদি ৰাজ্যতো এই খাদ্য ব্যাপকভাৱে প্ৰস্তুত কৰা হয়।[13] ফুলকবি, আলু, সেউজীয়া মটৰ আদি পাচলি সাধাৰণতে ইয়াত যোগ কৰা হয়।
মূলতঃ উত্তৰ/উত্তৰ-পশ্চিমৰ পৰা অহা হিন্দুসকলে উপবাসৰ সময়ত শস্য খোৱাৰ পৰা বিৰত থাকে, তেওঁলোকে চাগুৰ পৰা তৈয়াৰী চাবুদানা খিচিৰি খায়।[14][15] ভাৰতৰ দক্ষিণ অংশত অৱশ্যে খিচিৰি শব্দটো ইমান জনপ্ৰিয় নহয়। তামিলনাডু আৰু অন্ধ্ৰ অঞ্চলৰ মানুহে পংগল, আৰু কানাড়িগাসকলে হুগ্গি প্ৰস্তুত কৰে যিটো হৈছে মগু দাইল খিচিৰি আৰু বিছি বেলে ভাত।
খিচিৰি আছিল এংলো-ইণ্ডিয়ান কেডগেৰীৰ প্ৰেৰণা।[11][16] হাৰিয়ানাৰ বিশেষকৈ গ্ৰাম্য অঞ্চলত খিচিৰি জনপ্ৰিয় পৰম্পৰাগত খাদ্য। হাৰিয়ানৱী খিচিড়ি পাৰ্ল বাজৰা আৰু মগু দালিৰ পৰা উড়ালত গুড়ি কৰি তৈয়াৰ কৰা হয়, আৰু প্ৰায়ে গৰম ঘিঁউ বা লাচী, আনকি দৈৰ সৈতে মিহলাই খোৱা হয়।[17][18][19] কেতিয়াবা বাজৰা আৰু মগু দাইলৰ লগতো জোৱাৰ মিহলাই দিয়া হয়ত।[19]
তেলেংগানা, মাৰাথৱাড়া আৰু কল্যাণা-কৰ্ণাটক অঞ্চলৰ পূৰ্বৰ হায়দৰাবাদ ৰাজ্যৰ হায়দৰাবাদী মুছলমান সম্প্ৰদায়ে খিচিডিক পুৱাৰ সাধাৰণ খাদ্য হিচাপে তৈয়াৰ কৰে আৰু হায়দৰাবাদী খাদ্যৰ ই এক গুৰুত্বপূৰ্ণ অংশ।[20] এই খাদ্যক খিচিৰি, খীমা বা খট্টা বুলি কোৱা হয়।[21]
আমিষ খাদ্য হালীমৰ সৈতে মিল থকাৰ বিপৰীতে খিচৰা হৈছে চাউল আৰু দালি বা মচুৰ দাইলৰ সৈতে নিৰামিষ খাদ্য, য'ত কোনো মছলা নাথাকে।[22]
চিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]-
'বাংলাদেশী শৈলীৰ খিচুৰি
-
সাধাৰণ খিচিৰি
-
নাৰিকল খিচিৰি
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ IANS (2016-02-15). "Gujarati khichdi rocks Masterchef, thanks to Indian American chef". The Hans India. https://www.thehansindia.com/posts/index/Food/2016-02-15/Gujarati-khichdi-rocks-Masterchef-thanks-to-Indian-American-chef/207309। আহৰণ কৰা হৈছে: 2022-10-09. See MasterChef (American season 6)
- ↑ Khichdi Indian Recipe, 23 June 2022, https://www.indianhealthyrecipes.com/dal-khichdi-recipe/
- ↑ 3.0 3.1 Gandhi, Malar (15 April 2012). "Khichdi–A Comfort Food – India Currents". Archived from the original on 16 February 2013. https://archive.is/20130216062547/http://www.indiacurrents.com/articles/2012/04/15/khichdi-comfort-food। আহৰণ কৰা হৈছে: 1 January 2015.
- ↑ McGregor, R.S., ed (1997). The Oxford Hindi-English Dictionary. Oxford University Press. পৃষ্ঠা. 237. ISBN 978-0-19-864339-5.
- ↑ "Tale of the humble ‘Khichdi’". The Times of India. 2021-07-17. ISSN 0971-8257. https://timesofindia.indiatimes.com/life-style/food-news/the-tale-of-humble-khichdi/articleshow/75610905.cms.
- ↑ Monier-Williams, Monier (1995). A Sanskrit-English Dictionary. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 339. ISBN 81-208-0065-6. http://www.sanskrit-lexicon.uni-koeln.de/monier/index.html। আহৰণ কৰা হৈছে: 2010-06-29.
- ↑ Reddy, Anjana (2016). "Archaeology of Indo-Gulf Relations in the Early Historic Period: The Ceramic Evidence". In Himanshu Prabha Ray. প্ৰকাশক New Delhi: Manohar Publishers. p. 68. ISBN 978-93-5098-143-6. https://www.academia.edu/20135170.
- ↑ Husain, Mabdi (1976). "Rehla of Ibn Battuta". Internet Archive. https://archive.org/stream/TheRehlaOfIbnBattuta/231448482-The-Rehla-of-Ibn-Battuta_djvu.txt। আহৰণ কৰা হৈছে: 21 March 2015.
- ↑ Recipes for Dishes Archived 2011-07-27 at the Wayback MachineAin-i-Akbari, by Abu'l-Fazl ibn Mubarak. English tr. by Heinrich Blochmann and Colonel Henry Sullivan Jarrett, 1873–1907. The Asiatic Society of Bengal, Calcutta, Volume I, Chapter 24, page 59. "3. K'hichri. Rice, split dal, and ghee 5 s. of each; ⅓ s. salt: this gives seven dishes."
- ↑ "Cooking The Khichdi is one of Birbal Stories.". English for Students. http://www.english-for-students.com/Cooking-The-Khichdi.html। আহৰণ কৰা হৈছে: 1 January 2015.
- ↑ 11.0 11.1 Anne Chotzinoff Grossman and Lisa Grossman Thomas (1997) Lobscouse and Spotted Dog; Which It's a Gastronomic Companion to the Aubrey/Maturin Novels, Norton, p. 12. আই.এচ.বি.এন. 978-0-393-32094-7
- ↑ Smith, Delia. "Buttery Kedgeree". Delia Smith's Complete Cookery Course. http://www.deliaonline.com/recipes/buttery-kedgeree,1284,RC.html। আহৰণ কৰা হৈছে: 2008-03-10.
- ↑ Chatterjee, Priyadarshini (2017-02-10). "From Kashmir to Karnataka, khichdi is the one true underestimated food of India". Scroll.in. https://scroll.in/magazine/823997/from-kashmir-to-karnataka-khichdi-is-the-one-true-underestimated-food-of-india। আহৰণ কৰা হৈছে: 2017-02-10.
- ↑ Sean Williams, 2015, "The Ethnomusicologists' Cookbook, Volume II: Complete Meals from around the world", Routledge Taylor & Francis group, page 37.
- ↑ Uma Aggarwal, 2009, "The Exquisite World of Indian Cuisine", Allied Publications, page 106.
- ↑ Chatterjee, Rhitu (2017-07-20). "'Khichuri': An Ancient Indian Comfort Dish With A Global Influence". NPR. https://www.npr.org/sections/thesalt/2017/07/20/527945413/khichuri-an-ancient-indian-comfort-dish-with-a-global-influence.
- ↑ 1912, "Haryana District Gazetteers: Delhi district gazetteer", Government of India Gazetteers Organisation, Page 90.
- ↑ 1987, "Haryana District Gazetteers: Hisar", Government of Haryana publication, Page 65.
- ↑ 19.0 19.1 Charmaine O' Brien, 2013, "The Penguin Food Guide to India", Penguin Books Penguin Books.
- ↑ "Hyderabadi Brunch: Khichdi Khatta Kheema". talkistania. 2013-02-15. https://talkistania.wordpress.com/2013/02/15/hyderabadi-brunch-khichdi-khatta-kheema/। আহৰণ কৰা হৈছে: 2016-08-22.
- ↑ "My Kitchen's Aroma: Khichdi Keema Khatta". mykitchenaroma.blogspot.ca. 28 April 2013. http://mykitchenaroma.blogspot.ca/2013/04/khichdi-keema-khatta.html। আহৰণ কৰা হৈছে: 2016-08-22.
- ↑ Haleem/Khichda - Wheat berries, Meat and Lentils Porridge, http://www.journeykitchen.com/2014/02/haleemkhichda-wheat-berries-meat-and.html?m=1, আহৰণ কৰা হৈছে: 27 January 2023