২১ জুন (ইংৰাজী : 21 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৭২তম (অধিবৰ্ষ ত ১৭৩তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৩টা দিন বাকী থাকে।
জন্ম মৃগেন শৰণীয়া
১৯৪৮ - ভাৰতীয় জাতীয় কংগ্ৰেছ ৰ এগৰাকী কৰ্ণধাৰ সদস্য চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী দেৱে স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
১৯৪৮ - পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল।
১৯৭৭ - জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
১৯৯১ - মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে মকৰল কৰে।
২০০৬ - প্লুট'ৰ ন-আৱিষ্কৃত চেটেলাইটকেইটাক নিক্স আৰু হাইড্ৰা নাম দিয়া হয়।
২০১৪ - উত্তৰ গোলাৰ্ধৰ সকলোতকৈ দীঘল দিন। অসমৰ আকাশত সূৰ্য আছিল মুঠ ১৩ ঘণ্টা ৩৫ মিনিট।
১৯৮১ - এডৱাৰ্ড জোচেফ স্ন'ডেন , আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ, আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি.আই.এ. আৰু এন.এচ.এ.ৰ প্ৰাক্তন কৰ্মী।
১৯৩২ - নিগাৰ চুলতানা , ভাৰতীয় অভিনেত্ৰী।
১৯৫৩ - বেনাজিৰ ভুট্টো , পাকিস্তানী ৰাজনীতিবিদ।
১৯৮২ - ৰাজকুমাৰ উইলিয়াম , গ্ৰেট বৃটেনৰ ৰাজকুমাৰ, ডিউক অব কেমব্ৰিজ।
১৯৯১ - তাছি আৰু নুংচি মালিক , সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় যমজ ভগ্নী।