দলপুঙা
দলপুঙা (Bronze-winged Jacana) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Jacanidae |
গণ: | Metopidius Wagler, 1832 |
প্ৰজাতি: | M. indicus |
বৈজ্ঞানিক নাম | |
Metopidius indicus (Latham, 1790) | |
দলপুঙা (ইংৰাজী: Bronze-winged Jacana, বৈজ্ঞানিক নাম-Metopidius indicus) 'Jacana' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ এই গোটৰ চৰাইসমূ্হৰ ঠেং ডাঙৰ হয় আৰু এই বৈশিষ্ট্যটোৰ বাবে ই ওপঙি থকা উদ্ভিদৰ ওপৰত সুকলমে চৰি ফুৰিব পাৰে৷ বিষুৱীয় অঞ্চলত এই চৰাইবিধ বহুলভাৱে বিস্তৃত হৈ আছে৷
বিৱৰণ
[সম্পাদনা কৰক]দলপুঙাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২৯ ছে:মি:৷ মাইকী দলপুঙাৰ দেহৰ আকাৰ মতাটোতকৈ ডাঙৰ হয়৷ ইয়াৰ দেহৰ বৰণ প্ৰধানকৈ ক'লা, নেজডাল ৰঙা আৰু ভিতৰৰ পাখিৰ বৰণ ডাঠ মটিয়া হয়৷ ইয়াৰ চকুৰ চেলাউৰি উজ্জ্বল বগা দলপুঙাৰ ঠোঁট হালধীয়া আৰু ঠেং দুখন মুগাবৰণীয়া হোৱা দেখা যায়৷
পোৱালি দলপুঙাৰ বৰণ মটিয়া আৰু বগা-চানেকীয়া হোৱা দেখা যায়৷
বিতৰণ
[সম্পাদনা কৰক]দলপুঙাই ভাৰত আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে৷
আচৰণ
[সম্পাদনা কৰক]দলপুঙাৰ মাত 'চিইক-চিইক-চিইক' ধৰণৰ৷ ই সাধাৰণতে সাৱধানবাণী দিবলৈ মাত মাতে৷
খাদ্য
[সম্পাদনা কৰক]দলপুঙাই সাধাৰণতে ওপঙি থকাজলজ উদ্ভিদত পোৱা পোক-পতংগ আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী খাই জীয়াই থাকে৷
প্ৰজনন
[সম্পাদনা কৰক]দলপুঙাৰ প্ৰজননৰ ধৰণ অন্য চৰাইৰ পৰা ভিন্ন হোৱা দেখা যায়৷ ইয়াৰ ক্ষেত্ৰত মাইকী দলপুঙা চৰাইটো মতাতকৈ ডাঙৰ আৰু উজ্জ্বল হয়৷ মাইকী চৰাইৰ মাজত মতা সংগীৰ বাবে প্ৰতিযোগিতা হয়৷ এজনী মাইকী চৰায়ে একাধিক মতা দলপুঙাৰ সৈতে যোৰ পাতে আৰু পোৱালি জগায়৷ [2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). "Metopidius indicus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003073। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Butchart, S.H.M., Seddon, N. & Ekstrom, J.M.M. (1999) Yelling for sex: harem males compete for female access in bronze-winged jacanas. Animal Behavior.
- Hayman, Peter; John Marchant; A J Prater (1988). Shorebirds. Helm. ISBN 0-7470-1403-5.
- Rasmussen, Pamela C; John C Anderton (2005). Birds of South Asia : the Ripley guide. প্ৰকাশক Washington, D.C.: Smithsonian Institution. ISBN 84-87334-67-9. Also published by Lynx Edicions in Barcelona. Other ISBNs are: ISBN 84-87334-65-2 and ISBN 84-87334-66-0.
- Butchart, S.H.M., Seddon, N. & Ekstrom, J.M.M. (1999) Polyandry and competition for territories in bronze-winged jacanas. Animal Ecology.
- Butchart, S.H.M. (1998) Sexual conflicts and polyandry in bronze-winged jacanas. PhD Thesis, University of Cambridge, Cambridge.
- Butchart, S.H.M. Sexual conflicts and copulation patterns in polyandrous bronze-winged jacanas (Metopidius indicus). Behavior.
- Emlen, S.T., Wrege, P.H. (2004) Size dimorphism, intrasexual competition and sexual selection in wattled jacana Jacana jacana, a sex-role-reversed shorebird in Panama. Auk.
See also Ciconiiformes, as the influential Sibley-Ahlquist taxonomy considers the Jacana to be in this order
আলোকচিত্ৰৰ ভঁৰাল
[সম্পাদনা কৰক]-
কলকাতাত এটা দলপুঙা